Showing posts with label assam to shillong. Show all posts
Showing posts with label assam to shillong. Show all posts

Saturday, May 29, 2021

How to go Shillong in Assamese

 এই  পোষ্ট টো গুৱাহাটীৰ পৰা শ্বিলং আৰু চেৰাপুঞ্জিলৈ কেনেদৰে যাব পাৰে তাৰ এক দ্ৰুত নিৰ্দেশনাৰ বিষয়ে আলোচনা কৰা হৈছে । এই নিৰ্দেশিকাখনে গুৱাহাটীৰ পৰা শ্বিলং আৰু চেৰাপুঞ্জিলৈ ৰাজহুৱা পৰিবহন বা গাড়ীৰে যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

       Lockdown ৰ সময়ত ঘৰত থাকি  আমনি লাগিছে নহয়নে ? refreshment পাবলৈ কৰবাত যোৱা হলে ভাল আছিলে , এনে ধাৰণা আমাৰ সকলোৰে মনত নিশ্চয় উদয় হৈছে ।


          আপোনালোকে যদি ভাবিছে lockdown ৰ পাছত  অতিকৈ কম budget r ভিতৰত ফুৰিবলৈ যাব তেনেহ'লে , আপোনালোকে যাব পাৰে আমাৰ নিচেই ওচৰত থকা Shillong & Cherapunji লৈ ।

 
            এতিয়া আহো মেইন পইন্ট লৈ । শ্বিলং লৈ যাবলৈ  হলে আপুনি প্ৰথমে যাব লাগিব গুৱাহাটী লৈ । গুৱাহাটীৰ পল্টন বজাৰত বহুতো reserve & share car/ Sumo পোৱা যায় ।  আঁনহাতে, খানাপাৰা ৰ পৰাও পাব পাৰে । পল্টন বজাৰৰ পৰা যদি reserve কৰি যায় তেনেহলে ভাৰা লাগিব পাৰে 1200-1600* টকা আৰু  share car/ Sumo ত গলে এজনৰ ভাৰা 150-250* টকা । যিহেতু lokdaown এ সকলোকে জুৰুলা কৰি পেলাইছে সেয়েহে  ভাৰা বিলাক সলনি হৈ থাকিব পাৰে ।  যদি আপুনি friend ৰ সৈতে যায় তেনেহলে reserve কৰি যোৱাটোয়ে better । 

            গুৱাহাটীৰ পৰা শ্বিলং লৈ দূৰত্ব হব প্ৰায় 100 কিমি। যাওঁতে সময় লাগিব 2ৰ পৰা 3 ঘণ্টা । যাওঁতে আপোনালোকে দেখিবলৈ পাব উমিয়াম হ্ৰদ বা যাক আমি বৰাপানি বুলি জানো  আৰু ৰাস্তাত বহুতো মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাব । শ্বিলং গৈ পোৱাৰ পিছত আপোনালোকক নমাই দিব পুলিচ বজাৰ নামৰ ঠাইত .যিটো শ্বিলংৰ একেবাৰে মাজমজিয়াত অৱস্থিত । তাত গৈ আপোনাৰ প্ৰথম কাম হব হোটেল বা ল'জ বিচৰা । শ্বিলঙত আপুনি এৰাতিৰ কাৰণে 700 ৰ পৰা 1500 টকা ৰ ভিতৰত ধুনীয়া হোটেল /ল'জ পাব ।
         

              এতিয়াা আহক আমি তিনি দিনত কি কি চাব পাৰিব শ্বিলঙত  সেই বিষয়ে আলোচনা কৰোঁ -
প্ৰথম দিন , আপুনি শ্বিলং ত থাকিব ,( সময় থাকিলে তাতে ওচৰৰ ঠাই বিলাক চাব) । সন্ধিয়া পুলিচ বজাৰ explore কৰিব ,স্থানিও খাদ্য  খাব ।  দ্বিতীয় দিনৰ কাৰণে এখন taxi থিক কৰি থব শ্বিলংৰ ওচৰৰ পৰ্যটক স্থলিবোৰ লৈ যাবলৈ । Local site seen ৰ বাবে ভাৰা লব পাৰে ২০০০-৩০০০* টকা । আৰু চেৰাপুঞ্জী লৈকে গোটেই দিনটোৰ কাৰণে ভাৰা লব প্ৰায় ৩০০০-৪০০০* টকা ।

               দ্বিতীয় দিনাখন ৰাতিপুৱা breakfast কৰি প্ৰায় ৯-১০মান বজাত যাত্ৰা কৰিব শ্বিলংৰ ওচৰত থকা ঠাই বৰ চাবলৈ । ইয়াৰ ভিতৰত কিছুমান ঠাইৰ নাম উল্লেখ কৰা হল :

1.Botanical Garden


2.Air Force Museum


3.State Museum


4.Shillong Peak & View Point


5.Ward's Lake


6.Church


7.Don Bosco Museum ইত্যাদি ।

             তৃতীয় দিনাখন ৰাতিপুৱা ৮ মান ত বজাত আপোনাৰ/আপোনালোকৰ যাত্ৰা আৰম্ভ হব চেৰাপুঞ্জী লৈ । শ্বিলংৰ পৰা চেৰাপুঞ্জীৰ দূৰত্ব হব 50 ৰ পৰা 54 কিমি । তাতে আপুনি চাব পাৰিব :


1.Elephant falls 



2.Wahkaba Falls



3.Ramkrishna Mission HS School



4.Seven Sisters Falls



5.The Eco Park


6.Mawsmai Cave



7.Nohkalikai Falls




8.Double Decker living root Bridge*


ইত্যাদি ।


           ইতিমধ্যে আপোনালোকৰ প্ৰায়  গোটেই দিনটো এনেকৈ চেৰাপুঞ্জীত গুচি যাব আৰু আবেলি শ্বিলং উভটিবলৈ সময় হৈ পৰিব ।
            চতুৰ্থ দিন ৰাতিপুৱা আপোনালোকে ঘৰ মুখে ৰাওনা হব পাৰে  অথবা যদি বিচাৰে Dawki লৈ যাব পাৰে কিন্তু সেইটো আপোনালোকৰ সময় আৰু বাজেটৰ ওপৰত নিৰ্ভৰ কৰিব ।
ধন্যবাদ ।
**সময় অনুসৰি দাম বৰ সলনি হব পাৰে ।

Reach Agra from Assam in Assamese

  আগ্ৰা : যমুনা নৈৰ পাৰৰ এখন ঐতিহাসিক চহৰ ।            প্ৰথমতে , অসমৰ পৰা দিল্লি লৈ  যোৱা মুখ্য সাধন  হল ৰেল আৰু উৰাজাহাজ ।  ৰে'লেৰে গলে...