এই পোষ্ট টো গুৱাহাটীৰ পৰা শ্বিলং আৰু চেৰাপুঞ্জিলৈ কেনেদৰে যাব পাৰে তাৰ এক দ্ৰুত নিৰ্দেশনাৰ বিষয়ে আলোচনা কৰা হৈছে । এই নিৰ্দেশিকাখনে গুৱাহাটীৰ পৰা শ্বিলং আৰু চেৰাপুঞ্জিলৈ ৰাজহুৱা পৰিবহন বা গাড়ীৰে যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Lockdown ৰ সময়ত ঘৰত থাকি আমনি লাগিছে নহয়নে ? refreshment পাবলৈ কৰবাত যোৱা হলে ভাল আছিলে , এনে ধাৰণা আমাৰ সকলোৰে মনত নিশ্চয় উদয় হৈছে ।
আপোনালোকে যদি ভাবিছে lockdown ৰ পাছত অতিকৈ কম budget r ভিতৰত ফুৰিবলৈ যাব তেনেহ'লে , আপোনালোকে যাব পাৰে আমাৰ নিচেই ওচৰত থকা Shillong & Cherapunji লৈ ।
এতিয়া আহো মেইন পইন্ট লৈ । শ্বিলং লৈ যাবলৈ হলে আপুনি প্ৰথমে যাব লাগিব গুৱাহাটী লৈ । গুৱাহাটীৰ পল্টন বজাৰত বহুতো reserve & share car/ Sumo পোৱা যায় । আঁনহাতে, খানাপাৰা ৰ পৰাও পাব পাৰে । পল্টন বজাৰৰ পৰা যদি reserve কৰি যায় তেনেহলে ভাৰা লাগিব পাৰে 1200-1600* টকা আৰু share car/ Sumo ত গলে এজনৰ ভাৰা 150-250* টকা । যিহেতু lokdaown এ সকলোকে জুৰুলা কৰি পেলাইছে সেয়েহে ভাৰা বিলাক সলনি হৈ থাকিব পাৰে । যদি আপুনি friend ৰ সৈতে যায় তেনেহলে reserve কৰি যোৱাটোয়ে better ।
গুৱাহাটীৰ পৰা শ্বিলং লৈ দূৰত্ব হব প্ৰায় 100 কিমি। যাওঁতে সময় লাগিব 2ৰ পৰা 3 ঘণ্টা । যাওঁতে আপোনালোকে দেখিবলৈ পাব উমিয়াম হ্ৰদ বা যাক আমি বৰাপানি বুলি জানো আৰু ৰাস্তাত বহুতো মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাব । শ্বিলং গৈ পোৱাৰ পিছত আপোনালোকক নমাই দিব পুলিচ বজাৰ নামৰ ঠাইত .যিটো শ্বিলংৰ একেবাৰে মাজমজিয়াত অৱস্থিত । তাত গৈ আপোনাৰ প্ৰথম কাম হব হোটেল বা ল'জ বিচৰা । শ্বিলঙত আপুনি এৰাতিৰ কাৰণে 700 ৰ পৰা 1500 টকা ৰ ভিতৰত ধুনীয়া হোটেল /ল'জ পাব ।
এতিয়াা আহক আমি তিনি দিনত কি কি চাব পাৰিব শ্বিলঙত সেই বিষয়ে আলোচনা কৰোঁ -
প্ৰথম দিন , আপুনি শ্বিলং ত থাকিব ,( সময় থাকিলে তাতে ওচৰৰ ঠাই বিলাক চাব) । সন্ধিয়া পুলিচ বজাৰ explore কৰিব ,স্থানিও খাদ্য খাব । দ্বিতীয় দিনৰ কাৰণে এখন taxi থিক কৰি থব শ্বিলংৰ ওচৰৰ পৰ্যটক স্থলিবোৰ লৈ যাবলৈ । Local site seen ৰ বাবে ভাৰা লব পাৰে ২০০০-৩০০০* টকা । আৰু চেৰাপুঞ্জী লৈকে গোটেই দিনটোৰ কাৰণে ভাৰা লব প্ৰায় ৩০০০-৪০০০* টকা ।
দ্বিতীয় দিনাখন ৰাতিপুৱা breakfast কৰি প্ৰায় ৯-১০মান বজাত যাত্ৰা কৰিব শ্বিলংৰ ওচৰত থকা ঠাই বৰ চাবলৈ । ইয়াৰ ভিতৰত কিছুমান ঠাইৰ নাম উল্লেখ কৰা হল :
1.Botanical Garden
2.Air Force Museum
3.State Museum
4.Shillong Peak & View Point
5.Ward's Lake
6.Church
7.Don Bosco Museum ইত্যাদি ।
তৃতীয় দিনাখন ৰাতিপুৱা ৮ মান ত বজাত আপোনাৰ/আপোনালোকৰ যাত্ৰা আৰম্ভ হব চেৰাপুঞ্জী লৈ । শ্বিলংৰ পৰা চেৰাপুঞ্জীৰ দূৰত্ব হব 50 ৰ পৰা 54 কিমি । তাতে আপুনি চাব পাৰিব :
1.Elephant falls
2.Wahkaba Falls
3.Ramkrishna Mission HS School
4.Seven Sisters Falls
5.The Eco Park
6.Mawsmai Cave
7.Nohkalikai Falls
8.Double Decker living root Bridge*
ইত্যাদি ।
ইতিমধ্যে আপোনালোকৰ প্ৰায় গোটেই দিনটো এনেকৈ চেৰাপুঞ্জীত গুচি যাব আৰু আবেলি শ্বিলং উভটিবলৈ সময় হৈ পৰিব ।
চতুৰ্থ দিন ৰাতিপুৱা আপোনালোকে ঘৰ মুখে ৰাওনা হব পাৰে অথবা যদি বিচাৰে Dawki লৈ যাব পাৰে কিন্তু সেইটো আপোনালোকৰ সময় আৰু বাজেটৰ ওপৰত নিৰ্ভৰ কৰিব ।
ধন্যবাদ ।
**সময় অনুসৰি দাম বৰ সলনি হব পাৰে ।






