Showing posts with label natural beuty. Show all posts
Showing posts with label natural beuty. Show all posts

Wednesday, June 9, 2021

Travel Guwahati to Gangtok & Nathu-la Pass in Assamese

       


     

         

    ়়  ৰহস্যময় ৰাজ্য ছিকিমৰ কেন্দ্ৰস্থল গেংটক হৈছে উত্তৰ-পূব ভাৰতৰ অন্যতম প্ৰিয় গন্তব্যস্থান। আপুনি ইয়াত উপস্থিত হোৱাৰ পিছত, অনুভৱ কৰিব  আপুনি একেবাৰে বেলেগ ঠাইত আছে। পৰিষ্কাৰ আৰু পৰিষ্কাৰ, চহৰখন আপুনি বিচৰা দৰে শান্তিপূৰ্ণ আৰু আপোনাৰ হৃদয়ে যিমান ধুনীয়া চাব বিচাৰে সিমান ধুনীয়া। ছিকিমৰ ৰাজধানী ইয়াৰ সকলো সৌন্দৰ্য আৰু আকৰ্ষণৰ সৈতে আপোনাক ইয়াৰ প্ৰেমত পেলাব।

         গেংটক যাবলৈ  হলে আপুনি প্ৰথমে যাব লাগিব নিউ জলপাইগুৰি অথবা শিলিগুৰি লৈ । গুৱাহাটী ৰেল ষ্টেচনৰ পৰা নিউ জলপাইগুৰি লৈকে যোৱা বহুতো ট্ৰেইন পোৱা যায় । অথবা নিজৰ জিলাৰ পৰা নিউ জলপাইগুৰি লৈকে  যোৱা  ট্ৰেইন ও আপুনি ইণ্টাৰনেট ত চাব পাৰে ।
আঁনহাতে, যদি বাছত যাব বিচাৰিছে গুৱাহটি ISBT
ৰ পৰাও শিলিগুৰি / নিউ জলপাইগুৰি ৰ বাছ অতি সহজতে পাব ।
ট্ৰেইন ত গলে  ভাড়া লাগিব পাৰে 2S- ₹140* /SL-₹250* / 3A- ₹680* ।
বাছ ত গলে  : ₹900 - ₹1200* টকা ।


             NJP ষ্টেচনৰ বাহিৰত থকা taxi ষ্টেন্ড ত আপুনি সহজতে গেংটক লৈ যোৱা share taxi / reserve car  পাবো । njp ৰ পৰা গেংটক লৈ সময় লাগিব পাৰে 3 ঘণ্টা ।  এটা কথা মনত ৰাখিব NJP ষ্টেচনৰ ওচৰত কিছুমান Travel Agency আছে ,তেওঁলোকৰ কথাত যাতে আপোনালোক ভোল নাযায় । নিউ জলপাইগুৰিৰ পৰা গেংটক লৈকে ভাড়া লাগিব ₹350/per person (Share taxi) , শিলিগুৰিৰ পৰা বাছ ৰ ভাড়া  ₹200-300/Person ।


            আপোনালোকে পাৰিলে NJP ত ৰাতিপুৱা 4-5 মনত গৈ পোৱাকে গলে , তাৰপৰা গেংটক ত 9 মান বজাত পাইজাবো। ৰাতিপুৱা গলে হোটেল বিচোৰাত সুবিধা হব লগতে খাই বৈ অলপ জিৰণি লৈ দুপৰীয়া 2 বজাৰ পৰা 8 বজালৈ  ওচৰৰ ঠাই সমূহ চাব পাৰিব ।




             NJP ৰ পৰা taxi খনে আপোনাক নমাই দিব Deorali Taxi Stand ত , তাৰপৰা আপুনি যাব লগিব Rumtek taxi stand (₹50-₹100)লৈ যিটো গেংটকৰ MG Marg ৰ ওচৰত আছে ।  গাংটক ত 600-1500 ৰ ভিতৰত single & double bad ৰ ৰুম অতি সহজতেই পাব । গেংটক ৰ সকলোতকৈ বিশেষ আকৰ্ষণীয় TOURIST SPOT হৈছে MG Marg/Road । ইয়াত কাপোৰৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু কিনিব পাৰিব । specially মমো, ইয়াৰ মমো ইমানেই testy  আপুনি এবাৰ খালেই খাই থাকিব মন যাব ।

 
         ইয়াৰ ওচৰৰ চাবলগা ঠাই সমূহ  যেনে :

 
1.Ganesh tok




2. Rumtek Monestry



3.Tashi view point





4. Gangtok Ropeway





5. Seven Sister Water Falls



6. Flower Exhibition Centre



7. MG Marg




.... আৰু বহুটো   ।


          বাৰু যি কি নহওঁক প্ৰথম দিন আপোনাৰ গেংটক ৰ ওচৰৰ ঠাই  চোৱাত গুচি যাব , দ্বিতীয় দিন আপুনি যাব পাৰিব


1.NATHULA PASS   



2.NEW Harbhajan Singh Mandir  





  আৰু
3.CHANGU LAKE





                       গেংটক ৰ পৰা নাথুলা ৰ দূৰত্ব প্ৰায় 61 km মান হ'ব আৰু সময় লাগিব প্ৰায় 2-3/3.5 ঘণ্টা । ইয়ালৈ যোৱাটো আপোনালোকে share taxi নাইবা ৰিজাৰ্ভ কৰিও যাব পাৰে । Share Taxi ত ₹500- ₹700 / Person আৰু ৰিজাৰ্ভত ₹5000 - ₹7000 লব পাৰে ।


             নাথুলা পাছ  যত চীন আৰু ভাৰতৰ মাজত বাণিজ্যিক বস্তুৰ আমদানি আৰু ৰপ্তানী কৰা হয় । ই সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 14140 ft উচ্চতাত আছে সেয়েহে ইয়াত অক্সিজেনৰ মাত্ৰা কম আৰু সেহেয়ে ইয়াত সোনকালে ভাগৰ লগা যেন অনুভৱ হয় । ঠাইডোখৰ দেখিবলৈ ব্হুত ধুনীয়া  যদিও তাতে ফটো উঠিবলৈ দিয়া নহয় কিয়নো সেইটো Border + Zero point area হয় ।

 
                নিউ বাবা মন্দিৰ ঠাইডোখৰ ও নাথুলা পাছ ৰ নিচেই ওচৰত । ইয়াত আপুনি বাবা মন্দিৰৰ লগতে ডাঙৰ ভগৱান শিৱৰ মূৰ্তি এটা দেখিবলৈ পাব  ।



                আন এটা চাবলগীয়া ঠাই হল Changu lake । যদি আপুনি oct-nov মাহত যায় তেনেহলে ইয়াত পানী দেখিবলৈ পাব আৰু যদিহে feb-may মাহৰ ভিতৰত যায় তেনেহলে হ্ৰদ টোৰ পানীবোৰ বৰফৰে ধাক খাই থাকে । যদি আপোনালোকে বৰফ চাব বিচাৰে তেনেহলে feb-may মাহৰ ভিতৰত যাব পাৰে । ইয়াত আপোনালোকে  yeak ৰ পিঠিত উঠি ফটো উঠিব পাৰে লগতে lake টো ৰ ওচৰতে থকা Rope way ত উঠি ওপৰৰ পৰা Changu Lake  ঠাই খিনি উপভোগ কৰিব পাৰে           

                                        

             Changu Lake পাৰ হৈ অলপ দুৰ আহিলে এখন বজাৰ পাব তাতে আপোনালোকে চীন ৰ পৰা অহা কাপোৰ , জেকেত , জোতা আদি নানান ধৰণৰ বস্তু পাব লগতে ফাষ্টফুড খাব পাৰিব ।  




               পিছদিনা খন আপুনি ঘৰমুৱা হব পাৰে নহলে North Sikkim যাব পাৰে । North Sikkim ৰ বিষয়ে বেলেগ এটা পোষ্টত সবিশেষ জনাম । ঘৰমুৱা হ'লে আপুনি বাছ বা টেক্সী পাব Deorali Stand ত । গতিকে তালৈকে আহি আপোনালোকে নিজ নিজ ঘৰঅভিমুখে ৰাওনা হব পাৰে
।  

গেংটকত আপোনাৰ সময় উপভোগ কৰক আৰু ছিকিম অন্বেষণ কৰক। এইখন এখন আশ্চৰ্যকৰ ৰাজ্য আৰু ভ্ৰমণকাৰী আৰু পৰ্যটকসকলৰ বাবে একেধৰণৰ এক ভ্ৰমণৰ ভাণ্ডাৰ।

** পোষ্টটো পঢ়াৰ বাবে ধন্যবাদ । 

Reach Agra from Assam in Assamese

  আগ্ৰা : যমুনা নৈৰ পাৰৰ এখন ঐতিহাসিক চহৰ ।            প্ৰথমতে , অসমৰ পৰা দিল্লি লৈ  যোৱা মুখ্য সাধন  হল ৰেল আৰু উৰাজাহাজ ।  ৰে'লেৰে গলে...